ড: দিপাংকৰ লহকৰ
মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঞ্চল বিচাৰি থকা এটা উপ-প্ৰাপ্তবয়স্ক বাঘ
ফটো- বাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগ, আৰণ্যক
ভূটান পৰ্বতমালাৰ পাদদেশত অৱস্থিত সংকোশ নদীৰ পৰা বৰনদীলৈ বিস্তাৰিত বিস্তীৰ্ণ অৰণ্যভূমিয়ে হৈছে মানাহ। প্ৰকৃতিৰ এই অনন্য সৃষ্টিৰাজিক আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিশ্ব ঐতিহ্যক্ষেত্ৰ, বায়’স্ফেয়াৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আদি কৰি কেইবাটাও সন্মানেৰে বিভূষিত কৰা হৈছে। মানাহৰ উত্তৰ প্ৰান্তত গাতে লাগি থকা বিশাল পৰ্বতমালাৰে সাঙুৰি ভূটান ৰাষ্ট্ৰৰ অধিনত থকা ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বৰফাবৃত উত্তৰৰ পাইন জাতীয় অৰণ্য, পৰ্ণপাতী অৰণ্য, চিৰসেউজ অৰণ্য আৰু সুবিশাল ঘাহঁনি তন্ত্ৰৰে আবৃত্ত প্ৰায় ৭০০০ বৰ্গ কিঃমিঃ Trans Boundary Manas Conservation Area হিচাবে চিহ্নিত কৰা হৈছে। অদূৰ ভৱিষ্যতত দুই দেশৰ এই যৌথ সংৰক্ষণৰ নিদৰ্শনে নিশ্চিতভাৱে বন্যজীৱ সংৰক্ষণত এক নতুন মাত্ৰা প্ৰদান কৰিব।
পোন্ধৰবছৰীয়া ৰাজনৈতিক অস্থিৰতাৰ নিৰব সাক্ষী মানাহে গঁড় আদি কৰি একাধিক জীৱক হেৰুৱাব লগীয়া হৈছিল যদিও অতি উৰ্বৰ, ৰাষ্ট্ৰ গৌৰৱ এই বনাঞ্চলখনে অতি কম সময়ৰ ভিতৰতে জীৱকুলৰ আৱাদী বঢ়াবলৈ সক্ষম হৈছে। সুগৰী পহু, খাগৰিকটা পহু, নল গাহৰি, উলুমৰা আদি কৰি নিতান্ত ঘাঁহনি পৰিবেশতন্ত্ৰৰ (Obligatory Grassland Mammal) আবাসীসমূহৰ মানাহেই সৰ্বোত্তম বাসস্থান হিচাবে পৰিগণিত হৈছে।
ভূটান পৰ্বতমালাৰ পৰা নামি অহা একাধিক নদী আৰু উপনদী সমূহে মানাহক পানী যোগান ধৰাৰ লগতে বিভিন্ন প্ৰজাতিৰ বনস্পতি আৰু ঘাঁহনিৰ ক্ৰমবিকাশ আৰু সংবৰ্দ্ধনত সহায় কৰিছে। বেকী, জৰং, চৰং, কালাপানী, সিম্ভু, তেকেলাই, আলাবাৰী আদি বিশাল নদী সমূহে বৰ্ষা ঋতুত পৰ্য্যাপ্ত পানী যোগান ধৰাৰ লগতে মানাহৰ স্বকীয়তা, স্বতন্ত্ৰতা আৰু অভিযোজনশীল ধাৰাক প্ৰবাহিত কৰি ৰখাত তাৎপৰ্য্যপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰোপৰি ভূগৰ্ভৰ পৰা উফন্দি উঠা ‘উঁহ’ সমূহৰ পৰা সৃষ্টি হোৱা কিছু চিৰপ্ৰবাহিত জলশ্ৰোতে মানাহৰ জীৱকুলক আটাইকেইটা ঋতুতে পানীৰ অভাৱ পূৰাই আহিছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ মূল পানীৰ উৎস মানাহ নদী
ফটো-কুকিল গগৈ
বাঘ, আমাৰ সংস্কৃতিৰ ধ্বজ্জাবাহক, মেকুৰী প্ৰজাতিৰ প্ৰকৃতিৰ বিৰল নিপুন চিকাৰীবিধৰ সৰ্ব্বোত্তম অনুৰাগৰ স্থলেই মানাহ। তিনিদশক আগে প্ৰায় ৮০ টা বাঘৰ বাসস্থান মানাহত এটা সময়ত বাঘৰ অৱস্থিতিক লৈ আশংকাৰ সৃষ্টি হৈছিল। সংৰক্ষণ বিজ্ঞানক ভেটি হিচাবে লৈ বনবিভাগ আৰু কেইবাটাও স্বেচ্ছাসেৱী প্ৰকৃতি প্ৰেমী সংস্থাৰ নিৰৱচ্ছিন্ন প্ৰয়াসে জীৱবিধৰ ভৱিষ্যতৰ বন্তি প্ৰজ্জাৱলৈ সক্ষম হৈছে। ইয়াৰে আধাৰশিলা হিচাবে ২০০৫ চনত প্ৰকৃতি প্ৰেমী সংস্থা আৰণ্যক আৰু বনবিভাগৰ যৌথ উদ্যোগত কেমেৰা ট্ৰেপিং প্ৰযুক্তিৰ সহায়েৰে বাঘৰ অৱস্থিতি নিৰূপণ কৰা হয়। প্ৰাথমিক পৰ্য্যায়ত ৫ টা বাঘৰ আলোকচিত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।
পূৰ্বতে বাঘৰ জৰীপ কৰিবলৈ বাঘৰ খোজৰ (Pug Mark) আকাৰ, আকৃতি আদিৰ বিন্যাস অধ্যয়ণ কৰা হৈছিল। এই পদ্ধতিটোক pugmark census বুলি জনা যায়। পৰবৰ্ত্তী সময়ত এই পদ্ধতিটোত যথেষ্ট সীমাবদ্ধতা দেখা যায়। উদাহৰণস্বৰূপে, এটা বাঘৰ খোজৰ বিন্যাস বালিৰ ওপৰত আৰু বোকামাটিত নিশ্চয় পৃথক হ’ব। এই ভিন্নতাক বিশ্লেষণ কৰাৰ বাবে কোনো বৈজ্ঞানিক কৌশল আজি পৰ্যন্ত উপলব্ধ নহয়। যদিও বৰ্তমান এই পদ্ধতিটো বাঘ গণনা কৰাত ব্যৱহাৰ কৰা নহয়, পাৰম্পৰিকভাৱে চলি থকা পদ্ধতিটোৰে বাঘৰ অৱস্থিতি আৰু চলন-ফুৰণৰ সমীক্ষা কৰিব পৰা যায়।
যোৱা প্ৰায় ডেৰ দশক কাল কেমেৰা ট্ৰেপিং প্ৰযুক্তিৰ সহায়েৰে বাঘ অধ্যুষিত আটাইবোৰ বনাঞ্চলতে বাঘৰ জৰীপ কৰা হয়। এই প্ৰযুক্তিত বাঘে অহা-যোৱা কৰা পথ সমূহত স্বয়ংক্ৰিয় বৈদ্যুতিক সংবেদক সংলগ্ন কেমেৰা সংস্থাপন কৰা হয়। এনে কেমেৰাৰ সন্মুখেৰে যোৱা যিকোনো বস্তুৰ গতি আৰু উষ্ণতা টলক কৰি কেমেৰাটোৱে আলোক চিত্ৰ সংগ্ৰহ কৰিব পাৰে। বাঘৰ শৰীৰত বিস্তাৰিত ক’লা ঢেকীয়া পাতৰ দৰে থকা আঁচ সমূহে বাঘক স্বকীয়তা প্ৰদান কৰে। এই আঁচ সমূহ আমাৰ আঙুলিৰ চাপৰ লেখীয়া। ঢেকীয়া পাতৰ দৰে এনে আঁচ সমূহৰ বাবে প্ৰাণীবিধক ঢেকীয়া পতীয়া বাঘ বুলি কোৱা হয়। এনে আঁচ সমূহ এটা বাঘৰ দুয়োটা পাৰ্শ্বতে ভিন্ন। গতিকে এটা বাঘক চিনাক্ত কৰাৰ বাবে দু্য়ো পাৰ্শ্বৰ আলোকচিত্ৰৰ দৰকাৰ। সেয়েহে স্বয়ংক্ৰিয় কেমেৰাসমূহ বাঘ অহা-যোৱা পথৰ দুয়োকাষে এযোৰকৈ সংস্থাপন কৰা হয় যাতে ইয়াৰ মাজেৰে বাঘ পাৰ হ’লে দুয়োটা কেমেৰাই একে সময়তে চিত্ৰ গ্ৰহণ কৰিব পাৰে।
২০১০ চনৰ পৰাই মানাহত বছেৰেকীয়া বাঘৰ জৰীপ কৰি থকা হৈছে। অত্যাধুনিক কেমেৰা ট্ৰেপিং প্ৰযুক্তিৰ সহায়েৰে চলি থকা বাঘৰ জৰীপত আৰণ্যক, WWF আদি কৰি কিছু স্বেচ্ছাসেৱী সংগঠনক বনবিভাগে সমল হিচাবে লৈ এই বিৰল প্ৰজাতি বিধৰ লগতে সহজীৱি অন্যান্য চিকাৰী আৰু খুৰা থকা তৃণভোজী প্ৰাণীৰ ভৌগলিক অৱস্থিতিৰ লগতে সংবৰ্ধনৰ হাৰৰ বিষয়ে গৱেষণা কৰি আছে। ভাৰত চৰকাৰৰ স্বতন্ত্ৰ সংস্থা "ৰাষ্ট্ৰীয় বাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে (National Tiger Conservation Authority)" মানাহ আৰু ইয়াৰ বিস্তৃৰ্ণ এলেকা বাঘ সংৰক্ষণৰ বাবে অতি উপযোগী আৰু গুৰুত্বপূৰ্ণ বুলি ঘোষণা কৰিছে। ২০১৪ চনত হৈ যোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ বাঘ গণনাত মানাহত ১০ টা বাঘৰ অৱস্থিতি পোৱা গৈছে। অৱশ্যে এই জৰীপ মাত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৱত্তী আঞ্চলিক বনাঞ্চল (Range) ভূঞাপাৰা আৰু মধ্যৱৰ্ত্তী বাঁহবাৰীৰ কিছু অংশক সাঙুৰি কৰা হৈছিল। পৰৱৰ্ত্তী সময়ত ২০১৫ চনত কৰা গণনাত ১৫ টা বাঘৰ অৱস্থিতি পোৱা গৈছে। উল্লেখযোগ্য যে উক্ত গণনাত সৰ্বভাৰতীয় প্ৰেক্ষাপটত ২২২৬ টা বাঘৰ অৱস্থিতি পোৱা গৈছিল। সৌভাগ্যৰ বিষয় যে পৃথিৱীৰ বাঘ অধ্যুষিত ১৪ খন দেশৰ ভিতৰত প্ৰায় ৫০% ৰ অধিক বাঘ আমাৰ ভাৰতত আছে। ই আমাৰ ভাৰতীয় সভ্যতা, সংস্কৃতিত থকা বন্যজীৱ সংৰক্ষণৰ চিৰপ্ৰৱাহিত বতাহ জাকক নতুন গতি প্ৰদান কৰিছে আৰু বিশ্বদৰবাৰতো আমাৰ ৰাষ্ট্ৰখনে যথেষ্ট খ্যাতি আৰু যশস্যা বুটলিবলৈ সক্ষম হৈছে। বাঘ সংৰক্ষিত বনাঞ্চল সমূহৰ সমীপৰ বাসিন্দাসকলে স্বাৱলম্বী হৈ কৰ্ম সংস্থাপনৰ নতুন সংযোজন ‘ইক’-টুৰিজিম’ৰ মাধ্যমেৰে আৰ্থিক অৱস্থা টনকিয়াল কৰিবলৈ সুযোগ পাইছে। এটা সমীক্ষাৰ ভিত্তিত মধ্যভাৰতৰ কিছুমান বাঘ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ ৫০% বাসিন্দা ইয়াৰ পৰাই উপকৃত হৈছে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম সংযোজনত বাঘৰ প্ৰথম ফটোগ্ৰাফিক প্ৰমাণ
ফটো- বাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগ, আৰণ্যক
যোৱা ২-৩ বছৰৰ পৰা মানাহত বাঘৰ সংবৰ্ধনৰ গতি ত্বৰাণ্ণিত হৈছে। জাৰকালি শুকাই যোৱা খৰশ্ৰোতা নদীসমূহত বাঘৰ ব্যাপক বিচৰণ দেখা যায়। অৱশ্যে ইয়াৰ কাৰণো চিকাৰ আৰু চিকাৰীৰ পৰস্পৰে পৰস্পৰৰ লগত থকা সম্বন্ধতে নিৱদ্ধ। পৰিবেশতন্ত্ৰৰ খাদ্য শৃংখলৰ অনুক্ৰমণত চিকাৰ আৰু চিকাৰী জীৱৰ গুৰুত্ব অপৰিসীম। প্ৰতিৰক্ষা আৰু অনুক্ৰমণৰ কেইবাহাজাৰ বছৰীয়া জৈৱ বিৱৰ্তনৰ ফলশ্ৰুতিত পৰিস্থিতি তন্ত্ৰত নিজকে খাপ খুৱাবলৈ প্ৰত্যেক জীৱই কৌশল উদ্ভাৱন কৰে। বৰষুণৰ অভাৱত জাৰকালি বেছিভাগ জলধাৰা শুকাই যোৱাৰ বাবে পানীৰ উৎস সমূহ নিৰূপিত হৈ পৰে। নদী সমূহৰ উপৰিপৃষ্ঠত কিছু ডোঙা আকাৰে পানী জমা হৈ থাকে। চিকাৰ আৰু চিকাৰী সকলোৰে এইবোৰ আড্ডাৰ স্থল হৈ পৰে। পানীৰ পিয়াহত অহা তৃণভোজীক আক্ৰমণ কৰাৰ ইয়াতকৈ সুলভ সুযোগ আন কিবা হ’ব পাৰে নে?
বাঘ প্ৰকৃতিৰ নিপুন চিকাৰী। মূলতে খুৰা থকা তৃণভোজী জীৱ যেনে হৰিণ, বনৰীয়া গৰু, ম’হ, গাহৰি আদি ইয়াৰ প্ৰধান খাদ্য। বাঘে সাধাৰণতে অকলে চিকাৰ কৰে। প্ৰত্যেক ব্যাঘ্ৰভূমিতে প্ৰতিটো বাঘৰে নিজা এখন সাম্ৰাজ্য (Territory) থাকে। প্ৰজননৰ সময়ত সাময়িকভাৱে মতা আৰু মাইকী বাঘক একেলগে দেখা যায়। অন্য প্ৰাণীৰ দৰে বাঘৰ প্ৰজননৰ কোনো স্থায়ী ঋতু দেখা নাযায়। পৰ্য্যাপ্ত খাদ্য, সুৰক্ষা আৰু লায়ক মতা বাঘৰ উমৈহতীয়া মিলনেই এজনী মাইকী বাঘে প্ৰজননৰ মাপ কাঠি হিচাবে বিবেচনা কৰে। পোৱালি বাঘ যথেষ্ট আলফুলীয়া আৰু নিশকটীয়া হয়। প্ৰকৃতিৰ বিভিন্ন স্তৰৰ প্ৰত্যাহ্বান সমূহ পাৰ কৰি এটা দক্ষ চিকাৰী হ’বলৈ ১৮-২৮ মাহ সময় লাগে। এই সময়চোৱাত মাকে কৰ্তা-ধৰ্তাৰ দায়িত্ব পালন কৰে। কেতিয়াবা মাকৰ অকাল মৃত্য হ’লে বাপেকেও মাতৃত্বৰ দায়িত্ব পালন কৰা দেখা যায়।
আনহাতে খুৰা থকা জন্তু সমূহ জাকত থাকে। একোটা জাকত বিভিন্ন প্ৰজাতিৰ তৃণভোজী জন্তু একেলগে থাকিব পাৰে।মানাহত পোৱা ছাগলী পহু আৰু দল হৰিণা কেৱল ঘাঁহনিতন্ত্ৰতে দেখা যায়। সুগৰি পহু আৰু শৰ পহু কাঠনিত দেখা যায়। তৃণভোজী প্ৰাণীৰ পোৱালি সমূহ জন্মৰ কেইটামান মূহুৰ্তৰ ভিতৰতে দৌৰিব পৰা হয়, আৰু কেইমাহমানৰ ভিতৰতে আত্মৰক্ষাৰ কৌশল সমূহ জাকৰ অভিজ্ঞ প্ৰাৰ্থিৰ পৰা আহৰণ কৰে। প্ৰকৃতিত তৃণভোজী প্ৰাণীসমূহে এনেদৰে জাকত থকাৰ বিকাশে ইহতক শত্ৰুৰ পৰা বচোৱাৰ লগতে ক্ৰমবিবৰ্তনৰ ধাৰাত বিকশিত কৌশল সমূহ এটা কূলৰ পৰা আনটোলৈ লৈ যোৱাত সহায় কৰিছে। সেয়েহে প্ৰকৃতিৰ দুৰ্দান্ত চিকাৰী এটা নিপুন বাঘেও গড়ে ১৪ বাৰ প্ৰয়াস কৰাৰ পিছতহে চিকাৰৰ সোৱাদ পায়।
মানাহত বাঘৰ লগতে নাহৰফুটুকী, ৰাং কুকুৰ, গোধাফুটুকী বাঘ, শিয়াল আদি মূলতে ৮ প্ৰজাতিৰ মেকুৰী গোত্ৰৰ আৰু ৩ প্ৰজাতিৰ কুকুৰ গোত্ৰৰ চিকাৰী জন্তু পোৱা যায়। এই চিকাৰী সমূহৰ আকাৰ আকৃতি, চিকাৰ প্ৰাণী আৰু চিকাৰৰ কৌশল ভিন্ন। সেয়েহে ইহঁতে পৰস্পৰৰ মাজত সহাবস্থান বৰ্ত্তাই ৰাখিবলৈ সক্ষম হৈছে। প্ৰকৃতিত এই চিকাৰীবোৰে দুৰ্বল আৰু বেমাৰী জীৱ সমূহক খাই খাদ্য শৃংখলৰ অনুক্ৰমণত নিজৰ দায়িত্ব পালন কৰাৰ লগতে অসমৰ্থ বংশগতি বাহক সমূহক আঁতৰাই পৰিস্থিতি তন্ত্ৰক নিকা কৰি ৰাখে।
নৱেম্বৰ, ডিচেম্বৰ মাহত মানাহৰ ঘাঁহনিতন্ত্ৰ সম্পূৰ্ণ শুকাই হালধীয়া হৈ পৰে। এই সময়চোৱাতে অৰণ্যৰ পৰা কিছু সংখ্যক জন্তু খাদ্যৰ সন্ধানত ওলাই গৈ ওচৰৰ মানৱ ভূমিত প্ৰৱেশ কৰে। ফলশ্ৰুতিত মানুহ আৰু বন্যজীৱৰ সংঘাত। বিশেষকৈ মানুহ আৰু হাতীৰ সংঘাত খুবেই উদ্দেগজনক। বনবিভাগ, স্বেচ্ছাসেৱী সংগঠন আৰু স্থানীয়লোকৰ একাত্মক প্ৰচেষ্ঠাত এই সমস্যা কিছু লাঘৱ কৰিব পৰা গৈছে। ফেব্ৰুৱাৰীৰ শেষৰ ভাগত অহা মুষলধাৰ বৰষুণে পিঁয়াহত ম্ৰিয়মাণ হৈ পৰা ঘাঁহনিতন্ত্ৰ পুনৰ প্ৰাণ পাই সেউজীয়া হৈ পৰে। কোমল ঘাঁহৰ সন্ধানত মানাহৰ স্থানীয় জীৱকূলৰ লগতে ভূটানৰ পৰাও জাকে জাকে তৃণভোজীৰ আগমণ ঘটে। মানাহৰ বুকু পশু-পক্ষীৰ কিৰিলিয়ে সুবাসিত কৰি তোলে।
প্ৰকৃতিৰ বিনন্দীয়া সৃষ্টি মানাহৰ মাধুৰ্য্য আৰু স্বকীয়তাৰ সুগন্ধ বিশ্ববাসীৰ মাজত বিলাই দিয়াটো প্ৰত্যেকজন নাগৰিকৰে কৰ্ত্তব্য। মানাহে ১০০ বছৰীয়া ইতিহাসত বহু প্ৰাচীৰ ভেদি আজি এক বৰ্নিল মূহুৰ্তত উপনিত হৈছে। আপোনাৰ আৰু মোৰ অকনমান সচেতনতা আৰু সহযোগীতাই মানাহৰ লগতে মানাহৰ বাঘৰ ভৱিষ্যত মনোৰম কৰি তুলিব।
বৰষুণৰ পিছত প্ৰাণ পাই উঠা মানাহৰ ঘাঁহনিতন্ত্ৰ
ফটো- কুকিল গগৈ
আৰণ্যকৰ বায়’লিংক আগষ্ট ২০১৬ সংখ্যা ৰ পৰা পুনঃপ্ৰকাশিত ।
লেখকৰ বিষয়ে:
লেখক ড: দিপাংকৰ লহকৰ, আৰণ্যকৰ বাঘ্ৰ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ (Tiger Research and Conservation Division) মেনেজাৰ হিচাপে কৰ্মৰত।
E-mail: dipankar.lahkar@gmail.com
コメント